জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ’ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল কালি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নন্দিতা গালোচা আৰু মুখ্য সচিব ড০ ৰবি কোটাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দলটোক আদৰণি জনায়। দলটোক বিমান বন্দৰৰ পৰা পোনে পোনে অসম বিধানসভা ভৱনলৈ লৈ অহা হয়। বিধানসভাত জাপানৰ প্ৰতিনিধিৰ দলটোৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাপানৰ এই দলটোক আদৰণি জনাই কয়, যে এই ভ্রমণে অসম আৰু জাপানৰ মাজত সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি জাপানী কোম্পানীসমূহক অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগ কৰাৰ প্ৰতি উৎসাহিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয়, যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত জাপানৰ সৈতে সহযোগিতাৰ বাবে লোৱা পদক্ষেপক দলটোৰ এই ভ্রমণে নতুন গতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীক কালি অসমৰ ব্যৱসায়িক তথা ঔদ্যোগিক পৰিৱেশৰ বিষয়ে অৱগত কৰে। তেওঁ কামৰূপ জিলাৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল চেণ্টাৰত জাপানী ভাষা আৰু পৰিক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ বাবে চলোৱা প্ৰস্তুতিৰ বিষয়েও অধ্যক্ষগৰাকীক জানিবলৈ দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰতিনিধি দলটোৰ অসম ভ্ৰমণৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে অধ্যক্ষ নুকাগা ফুকুশ্বিৰক অৱগত কৰে। উল্লেখযোগ্য যে জাপানৰ এই প্ৰতিনিধি দলটোৰ সন্মানাৰ্থে বিধানসভাৰ চৌহদত কালি সাংস্কৃতিক অনুষ্ঠান তথা নৈশ ভোজৰ আয়োজন কৰা হয়। দলটোৱে আজি আই আই টি গুৱাহাটী আৰু জাগীৰোডত নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। দলটোৱে স্বাস্থ্য, শিক্ষা, মানৱ সম্পদ সন্দৰ্ভত মুখ্যমন্ত্রী তথা বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হ’ব। অসমত বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষসহ প্ৰতিনিধিৰ দলটো কাইলৈ অসমৰ পৰা উভতি যাব।
Site Admin | May 4, 2025 12:07 PM | Japan Delegation in Assam
জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলৰ তিনিদিনীয়া অসম ভ্রমণসূচী আৰম্ভ
