ভাৰতীয় সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোণ, ক্ষেপনাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যৰ্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ে প্রকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। সশস্ত্র বাহিনীয়ে এই আক্রমণ সফলভাৱে প্রতিহত কৰে। পাকিস্তানী আক্ৰমণত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। জম্মু-কাশ্মীৰৰ ছাটবাড়ি, চাম্বা, আৰ এছ পুৰা আৰু আৰ্নিয়া খণ্ডলৈ লক্ষ্য কৰি পাকিস্তানে ৮টা মিছাইল নিক্ষেপ কৰিছিল। ভাৰতীয় আকাশমার্গ প্ৰতিৰক্ষা প্ৰণালীয়ে এই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি জম্মু খণ্ডত পাকিস্তানে হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ দৰে একে পদ্ধতিৰে আক্ৰমণ চলোৱা দেখা পোৱা গৈছিল। পাকিস্তানী সেনাই হামাছ সন্ত্ৰাসবাদী সংগঠনৰ দৰে আচৰণ কৰিছে বুলিও সংহত প্ৰতিৰক্ষা মুখ্য কাৰ্যালয়ে সদৰি কৰিছে।
ইপিনে, সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যোৱানিশা অনুপ্ৰৱেশৰ চেষ্টা চলোৱা কমেও ৭ জন সন্ত্রাসবাদী নিহত হয়। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদীৰ এটা বৃহৎ গোটে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ধৰা পেলায়। এই অনুপ্ৰৱেশকাৰীসকলক ধানধড় পোষ্টত থকা পাকিস্তানৰ ৰেঞ্জাৰসকলে সহায় কৰে বুলি সূত্ৰটোত প্ৰকাশ পাইছে। বি এছ এফৰ জোৱানে এই ধানধড় পোষ্টৰ বিস্তৰ ক্ষতি কৰে।
ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সংঘৰ্ষ অব্যাহত ৰখাৰ কোনো অভিপ্ৰায় নাই বুলি দোহাৰি কয়, যে কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিকহে এই আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। ভাৰতে কেৱল পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰহে দিছে বুলি নতুন দিল্লীয়ে সজোৰে প্ৰকাশ কৰিছে।