ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 30, 2025 7:40 PM | LoC militants

printer

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে চলোৱা গুলীবৰ্ষণৰ যোগ্য প্রত্যুত্তৰ ভাৰতৰ

সেনাবাহিনীয়ে যোৱা নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানী সেনা বাহিনীয়ে চলোৱা গুলী বৰ্ষণৰ যোগ্য প্রত্যুত্তৰ দিয়ে । প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে পাকিস্তানী সেনাই যোৱানিশা নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নৌচেৰা, সুন্দেৰবনী আৰু অখনুৰ খণ্ডৰ বিপৰীত দিশৰ এলেকাসমূহক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰে। পাকিস্তানী সেনাই বাৰামুল্লা আৰু কুপৱাৰা জিলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ পৰ্গৱাল খণ্ডক লক্ষ্য কৰিও গুলী বৰ্ষণ কৰে। সীমান্তত নিয়োজিত সেনা বাহিনীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।