জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলী বৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়া গুলিৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহিনীৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি নিয়ন্ত্ৰণ ৰেখাত শান্তি ভংগ কৰাৰ উদ্দেশ্যৰেই পাকিস্তানে অপ্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰে। সমগ্ৰ পৰিস্থিতিত ভাৰতীয় বাহিনীয়ে সুক্ষ্ম দৃষ্টি ৰাখি আছে। পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত সেনা বাহিনী আৰু অনান্য সুৰক্ষা সংস্থাসমূহে সমগ্ৰিক পৰিস্থিতিত চকু ৰাখিছে। সন্ত্ৰাসবাদীৰ সৈতে সম্বন্ধ থকা বিষয়ৰ অনুসন্ধান, পৰ্যটকসকলৰ চিনাক্তকৰণ আৰু সংখ্যা গণনা আদি বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ কাশ্মীৰত বিশেষ তালাচী অভিযান চলোৱা হৈছে। বিশেষকৈ দক্ষিণ কাশ্মীৰৰ জিলাসমূহত এই অভিযানত গুৰুত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে পেহেলগাম ঘটনাৰ প্রকৃত পৰিকল্পনাকাৰীক ধৰা পেলোৱা আৰু কিদৰে আক্ৰমণটো সংঘটিত কৰা হৈছিল সেই বিষয়ে সকলো তথ্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰা হৈছে। পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ২২ এপ্ৰিলৰ পৰাই ৰাষ্ট্ৰীয় তদন্ত সংস্থা, এন আই এৰ এটা বিশেষ দলে ঘটনাৰ অনুসন্ধান কৰি আছে।
Site Admin | April 26, 2025 7:00 PM | Akashvani News | India and Pakistan | Terrorist
জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা
