জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়কগৰাকীয়ে কালি এই আক্ৰমণক লৈ সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিল। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড়যন্ত্ৰ থকা বুলি তেওঁ কৰা বিতৰ্কিত মন্তব্যৰ বাবে দেশদ্রোহিতাৰ গোচৰত বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদ মেলত প্ৰকাশ কৰে। বিধায়কগৰাকীৰ এই বক্তব্যই ৰাজ্যখনৰ জনসাধাৰণক ক্ষোভিত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে ভাৰত বিৰোধী কোনো শক্তি বা প্ৰচেষ্টাক ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে কেতিয়াও সহ্য নকৰে বুলি স্পষ্ট কৰি দিয়ে। এনে ঘটনা পোহৰলৈ অহা মাত্ৰেই অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য ধৃত বিধায়কগৰাকীক সম্প্ৰতি নগাঁও সদৰ থানাত ৰখা হৈছে।
Site Admin | April 24, 2025 8:24 PM | Aminul Islam Grapter
জম্মু-কাশ্মীৰৰ ঘটনাক লৈ বিতর্কিত মন্তব্য কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ
