জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ ফলপ্রসূ প্রতিক্রিয়া

● জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত যোৱা নিশা পাকিস্তানৰ সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও ফলপ্রসূ প্রতিক্রিয়া প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সূত্ৰ সমূহে জনোৱা মতে, জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধাৰ, নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ অঞ্চলৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাই অপ্ৰৰোচিত ক্ষুদ্র অস্ত্ৰৰ গুলীচালনাৰ আশ্ৰয় লয়। ভাৰতীয় সৈন্যই ইয়াৰ পাছত তৎক্ষণাত সঁহাৰি জনায়। কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।