প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাট্ৰাত আঞ্জি খাদ দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰে’ল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা এই ৪২ বছৰ পুৰণি প্ৰকল্পটোৰ অন্তিম পৰ্যায়ত এই চেনাব দলংখন উদ্বোধন কৰাৰ লগে লগে এই অভিলাষী প্রকল্প সম্পূৰ্ণ হ’ল। ইয়াৰ ফলত এহেজাৰ ৪৪৮ কোটি টকা ব্যয় সাপেক্ষ ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল পথৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে। হিমালয়ৰ অসমতল পার্বত্য অঞ্চলৰ মাজেৰে নিৰ্মাণ কৰা এই ৰে’লপথছোৱাত থকা ৩৬টা সুৰংগ আৰু ৯৪৩ খন দলং বিশ্বৰ অন্যতম আভিযান্ত্রিক উৎকৃষ্টতাৰ নিদৰ্শন ৰূপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি জম্মু আৰু শ্ৰীনগৰৰ মাজত নতুন অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ সেৱাও মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই উপলক্ষে দিয়া ভাষণত পেৰিচৰ আইফেল টাৱাৰতকৈও ওখ এই দৰংখনক ভাৰতৰ আভিযান্ত্ৰিক পাৰদৰ্শিতাৰ উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰে আৰু ইয়াৰ ফলত কাশ্মীৰত উৎপাদিত সুস্বাদু আপেল আৰু আন ফলমূলসমূহে দেশৰ বাকী অংশত উপযুক্ত বজাৰ পাবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্রী ওমৰ আব্দুল্লা, ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Site Admin | June 6, 2025 6:39 PM | Akashvani News | Jammu and Kashmir | narendra modi | PMO India
জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলংখন আনুষ্ঠানিকভাবে উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ
