কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকে দুদিনীয়া কাৰ্যসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভাত সভাপতিত্ব কৰি তেওঁ জিলাখনত চলিত বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকতে প্ৰতিগৰাকী বিষয়াক সকলো চৰকাৰী আঁচনিৰ বিষয়ে পুংখানুপুংখভাৱে জানি নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে নিজেই ভালকৈ নাজানিলে আঁচনিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সফল হ’ব নোৱাৰে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ বহিঃৰাজ্যলৈ প্ৰব্ৰজন বা পলায়ন কৰা জনজাতীয় লোকসকলক সেই স্থানতে সকলো চৰকাৰী আঁচনিৰ সুবিধাসহ নাগৰিকৰ সম্পূৰ্ণ সা-সুবিধা লাভ কৰাতো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট প্রশাসনক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিজন সচেতন সংবেদনশীল ব্যক্তিয়ে সামাজিক দায়বদ্ধতাৰে দেশ আৰু সমাজৰ কাৰণে অৰিহণা আগবঢ়া উচিত বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বিয়লি কেইবাখনো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ কাম- কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ কাইলৈ ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন কৰিব।
Site Admin | September 4, 2024 6:36 PM | Durga Das Uikey
জনজাতীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকেৰ তিনিচুকীয়া ভ্ৰমণ
