ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হ’ব। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব।

দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্রতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভেলিনত সুমিত অন্তিল আৰু নৱদীপ সিং, হুইল ছেয়াৰ ৰেছিঙত মনোজ চাবাপাথি, শ্বটপুটত মনোজ শিংগৰাজ, মুথুৰাজা আৰু হোকাতো চেমা, হাইজাম্পত মাৰিয়াপ্পান থাংগাৱেলু আৰু ডিচকাচ থ্রোত যোগেশ কথুনিয়া অন্যতম।