ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চিবিআইৰ সঞ্চালকক নিযুক্তিৰ বাবে থকা তিনিজনীয়া কমিটীৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ কাৰ্যালয়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, চিবিআইৰ সঞ্চালকক নিযুক্তি দিয়াৰ বাবে থকা তিনিজনীয়া কমিটীখনৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কমিটীখনৰ আন দুগৰাকী সদস্য দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী উপস্থিত থাকে।
বৈঠকত সংস্থাৰ পৰৱৰ্তী সঞ্চালকক নিযুক্তি দিয়াৰ বিষয়ে আলোচনা কৰা হয়। চলিত মাহৰ ২৫ তাৰিখে সংস্থাৰ বৰ্তমানৰ সঞ্চালক প্রবীন ছুডৰ দুবছৰীয়া কাৰ্যকালৰ অন্ত পৰিব
উল্লেখযোগ্য যে প্রধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ মুখ্য ন্যায়াধীশ আৰু লোকসভাত বিৰোধী দলৰ নেতাৰে গঠিত এখন তিনিজনীয়া কমিটীৰ পৰামৰ্শ অনুযায়ী কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালকক নিযুক্তি দিয়ে।