ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্রক্রিয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, বিহালী সমষ্টিত ৭৪ শতাংশ, ধলাই সমষ্টিত ৭৩ শতাংশ, চিদলী সমষ্টিত ৭৫ শতাংশ আৰু বঙাইগাঁও সমষ্টিত ৭২ শতাংশ ভোটদান হয়।
কালি ভোটগ্ৰহণৰ লগে লগে ৩৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ই ভি এমত বন্দী হৈছে। ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ষ্ট্ৰং ৰূমত ৰখা হৈছে ।
Assamese | November 14, 2024 9:52 AM | Assam | Assam Bye-Election | Vote
চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ