ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যেৰে শিক্ষা বিভাগে আয়োজন কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি তৃতীয় দিন। শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ মূল্যায়ন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত দুৰ্বল প্ৰদৰ্শন কৰা ৰাজ্যৰ একাংশ বিদ্যালয়ত পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ লগতে শিক্ষা মন্ত্রী ডাঃ পেগুৱে শিক্ষা আৰু আনুসঙ্গিক ক্ষেত্ৰসমূহত দুর্বলতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত পাঠদান কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক নির্দেশ দিয়ে।
একেদৰে বৰপেটা জিলাতো জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বহিঃমূল্যায়ক হিচাপে গুণোৎসৱৰ কার্যসূচীত উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ১ নম্বৰ লাহাটী নিম্ন বুনিয়াদী বিদ্যালয়ৰ কাৰ্যসূচীত উপস্থিত থাকি শিক্ষার্থী, শিক্ষক- শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত-বিনিময়ো কৰে। সংবাদ মেলত শ্রীপাটোৱাৰীয়ে গুণোৎসৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত যোগাত্মক প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে। শিক্ষা ব্যৱস্থাৰ দুৰ্বলতাসমূহ গুণোৎসৱৰ জৰিয়তে চিনাক্ত কৰি এইসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কোকৰাঝাৰ, দক্ষিণ শালমাৰা মানকাচৰ, গোলাঘাট, বজালী, শ্রীভূমি, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও আৰু ওদালগুৰি জিলাতো আজি গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ মূল্যাংকন কৰা হয়। কোকৰাঝাৰ জিলাত বি টি চিৰ বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে বিপিন বিহাৰী প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ মূল্যায়নত অংশগ্ৰহণ কৰে।