ডাউনলোড
মোবাইল এপ

android apple
signal

February 7, 2025 10:39 AM | India-Greece

printer

গ্ৰীচৰ বৈদেশিক মন্ত্ৰীৰে মন্ত্ৰী ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক আলোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু গ্ৰীচৰ বৈদেশিক মন্ত্ৰী জৰ্জ জেৰাপেট্রিটিজে কালি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পাৰিক স্বার্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত নিজৰ মত বিনিময় কৰে। বৈঠকৰ সময়ত জয়শংকৰে ভাৰত-গ্ৰীচৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি কয়, যে ভাৰতে ব্যৱসায় বাণিজ্য বিনিয়োগ আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতা বিচাৰে। গ্ৰীচৰ বৈদেশিক মন্ত্রী জৰ্জ জেৰাপেট্রিটিজে কয়, যে গ্রীচে পর্যটন, সংস্কৃতি আৰু ব্যৱসায়ৰ লগতে সকলো ক্ষেত্ৰতে ভাৰতৰ সৈতে নিজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বিচাৰে ।

অধিক পঢ়ক

সকলো চাওক