ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গোৱাৰ শ্ৰীলাইৰাই দেৱী যাত্ৰা উৎসৱত পদপিষ্ট হৈ ৬জন লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

গোৱাৰ বিচোলিমৰ শ্বিৰগাও গাৱঁত অনুষ্ঠিত শ্ৰীলাইৰাই দেৱী যাত্ৰা উৎসৱত পদপিষ্ট হৈ আজি ৬জন লোকৰ মৃত্যু হয়। এই ঘটনাত ৮০ৰো অধিক লোক আহত হয়। আজি নিচেই পুৱা কেইবাশতিকা পুৰণি মন্দিৰটোত অনুষ্ঠিত এই পৰম্পৰাগত উৎসৱত ভাগ ল’বলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। মানুহৰ ভিৰ তথা ঠেলা হেঁচাত বহু মানুহ পৰি গৈ পদপিষ্ট হয়। আহতসকলক গোৱা চিকিৎসা মহাবিদ্যালয় হাস্পিতালকে ধৰি অনান্য চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ প্রমোদ সাৱন্ত আহতসকলক সাক্ষাতৰ বাবে চিকিৎসালয়লৈ যায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছজন লোকে প্ৰাণ হেৰুওৱা এই শোকাবহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে স্থানীয় প্রশাসনে ভুক্তভোগীসকলৰ সাহায্য অব্যাহত ৰাখিছে। তেওঁ পদপিষ্ট হৈ মৃত্যু হোৱাসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱেও গোৱাৰ শ্বিৰগাৱৰ ঘটনাত শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত শোকগ্রস্ত পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আৰোগ্য কামনা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।