গুৱাহাটীৰ ৰূপনগৰত শুকুৰবাৰে নিশা হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা মনেশ্বৰ ৰাজবংশীৰ পৰিয়াললৈ চৰকাৰে ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দুপৰীয়া ভাগত প্ৰয়াত মনেশ্বৰ ৰাজবংশীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰয়াত ৰাজবংশীৰ পৰিয়ালবৰ্গক ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে ৰূপনগৰৰ ভূমিস্খলন হোৱা অঞ্চলো পৰিদৰ্শন কৰি ভূমিস্খলন প্ৰৱন অঞ্চলটোৰ সোমবাৰৰ পৰা ভূতাত্বিক বিভাগৰ জৰিয়তে জৰীপ কৰাবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। শুকুৰবাৰৰ নিশা ভূমিস্খলন হোৱা স্থানৰ সমীপত পুনৰ ভূমিস্খলন হোৱাৰ আশংকা অঞ্চলটোৰ ৯টা পৰিয়ালক চৰকাৰে আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা কৰি দিছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই শিবিৰ পৰিদৰ্শন কৰি সুবিধা-অসুবিধাৰ বুজ লোৱাৰ লগতে প্ৰশাসনক প্রয়োজনীয় নির্দেশনা দিয়ে।
Site Admin | June 8, 2025 7:12 PM | Rupnagar landslide
গুৱাহাটীৰ ৰূপনগৰৰ ভূমিস্খলনত মৃত্যু হোৱা মনেশ্বৰ ৰাজবংশীৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য
