গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্র অর্থাৎ NEZCC ৰ সহযোগত কালি গুৱাহাটীৰ শিল্পগ্ৰামত মহানগৰীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা এখনি পৰিৱেশন কৰে। অসমীয়া ভাষাত পৰিৱেশিত এই ভাওনাখনিৰ উদ্বোধনী অনুষ্ঠানত সংগীত-নাটক একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট নৃত্য শিল্পী শাৰদী শইকীয়া, গোবিন্দ শইকীয়া বৰবায়ন, ৰঞ্জুমণি শইকীয়া, বিশিষ্ট অভিনেত্রী চেতনা দাস, অসম চলচ্চিত্ৰ উন্নয়ন আৰু বিত্ত নিগমৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ঋতুপর্ণ দাসৰ পৰিকল্পনা আৰু ড০ দীপেন দাসৰ পৰিচালনাৰে পৰিৱেশিত এই ভাওনাখন উপভোগ কৰিবলৈ ভালেসংখ্যক লোকৰ সমাগম হয়। প্ৰায় চাৰি ঘণ্টাজোৰা এই ভাওনাখনত অপেচাদাৰী শিল্পীসকলৰ পেচাদাৰী আৰু আকর্ষণীয় অভিনয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰি ৰাখে। এই ভাওনাখনৰ সূত্ৰধাৰৰূপে ইমন অনুৰাগ, কৃষ্ণৰ চৰিত্ৰত বিমল ভূষণ মহন্ত, গান্ধাৰীৰ চৰিত্ৰত এঞ্জেলা চাংমাই, ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত মৃগাংক শইকীয়া, কৰ্ণৰ চৰিত্ৰত শোণিত কুমাৰ ভূঞা আৰু শকুনিৰ চৰিত্ৰত অভিনয় কৰে অভিজিৎ গোস্বামীয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকা এই ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব।
Site Admin | March 16, 2025 1:11 PM | Guwahati Press Club Bhaona
গুৱাহাটীৰ শিল্পগ্ৰামত একাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা পৰিৱেশন
