কোকৰাঝাৰৰ চানমাৰিত থকা বডোফা সাংস্কৃতিক প্রকল্পত আজি ১৬৫ গৰাকী বড়ো লোক শিল্পীক সম্বর্ধনা জনোৱা হয়। নতুন দিল্লীত বাগৰুম্বা আৰু আন বড়ো জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা শিল্পীসকলক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দুলাৰাই বড়ো হাৰিমু আফাড, বড়ো অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী সংস্থাৰ উদ্যোগত তথা বি টি আৰ চৰকাৰৰ সহযোগত আয়োজিত এই সম্বর্ধনা অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি চি প্রধান প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰনগৌড়া নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্রী শ্রী দাসে আজি বি টি চি সচিবালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে।
Site Admin | May 30, 2025 8:33 PM | Ranjit Award
কোকৰাঝাৰত ১৬৫ গৰাকী বড়ো লোকশিল্পীলৈ সম্বর্ধনা
