ডাউনলোড
মোবাইল এপ

android apple
signal

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী হিচাপে শুভাংশু শুক্লাই আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান সন্দৰ্ভত এটা বিশেষ আলোচনাত সকলো সদস্যকে অংশগ্রহণ কৰিবলৈ আহ্বান জনায়। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে আলোচনাত ভাগ লয়। ইয়াৰ পাছত সদনৰ দায়িত্বত থকা সদস্য দিলীপ শ‍ইকীয়াই এই বিশেষ আলোচনাৰ সময়ত প্ৰতিবাদৰত সাংসদসকলক নিজ আসনলৈ উভতি যোৱাৰ বাবে বাৰে বাৰে আহ্বান জনাই যদিও বিৰোধী সাংসদসকলে প্রতিবাদ অব্যাহত ৰখাত দিনটোৰ বাবে সদন স্থগিত ৰখা হয়৷
ইয়াৰ পূৰ্বে প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ১২ বজাত সদন প্ৰথমবাৰৰ বাবে মিলিত হোৱাৰ পাছত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে জনবিশ্বাস, ব্যৱস্থাৱলী সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে জীৱন ধাৰণ আৰু ব্যৱসায় পৰিচালনাত সূচল হোৱাকৈ আস্থা নিৰ্ভৰ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। সদনে ইয়াৰ পাছতে এই বিধেয়কখন সদনৰ বিশেষ সমিতিলৈ পৰৱৰ্তী পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিবলৈ প্ৰস্তাৱ গৃহীত কৰে। এই সমিতিখনে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ প্ৰথম দিনটোতে প্রতিবেদন দাখিল কৰে। শিক্ষামন্ত্ৰী ধর্মেন্দ্র প্রধানে আজি লোকসভাত ভাৰতীয় প্ৰতিষ্ঠান সংশোধনী বিধেয়ক, ২০২৫ উত্থাপন কৰে। বিৰোধী সাংসদসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ সন্দৰ্ভত হুলস্থূলীয়া পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাত অধ্যক্ষই দিনৰ ২ বজালৈ সদন স্থগিত ঘোষণা কৰে৷
ইয়াৰ আগেয়ে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিবাদকাৰীৰ সদস্যসকলক সাৱধান কৰি দি কয়, যে প্ৰতিবাদৰ নামত চৰকাৰী সা-সম্পত্তি নষ্ট কৰিলে তেওঁলোকৰ বিপক্ষে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দেশৰ জনসাধাৰণে তেওঁলোকৰ কল্যাণমূলক বিষয়সমূহ উত্থাপন কৰাৰ বাবে সংসদৰ সদস্যসকলক নির্বাচিত কৰিছে যদিও সদস্যসকলে সদনৰ কাম-কাজত ব্যাঘাত জন্মাই এই উদ্দেশ্য বিঘ্নিত কৰিছে বুলি অধ্যক্ষই মত প্ৰকাশ কৰে। অধ্যক্ষৰ বাৰম্বাৰ আহ্বানৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদন দিনৰ ১২ বজালৈ স্থগিত ৰখা হয়।