ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 22, 2025 8:08 PM | UPSC Result

printer

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে। আয়োগে নিযুক্তিৰ বাবে এহেজাৰ ৯ গৰাকী পৰীক্ষাৰ্থীৰ নামৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰে ভিতৰত ৭২৫ গৰাকী পুৰুষ আৰু ২৮৪ গৰাকী মহিলা আছে। শীৰ্ষৰ ৫ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ গৰাকী পুৰুষ আছে। শক্তি ডুবেই ২০২৪ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডোংৰে আৰ্চিত পৰাগে তৃতীয় স্থান লাভ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে যোৱা বছৰ ছেপ্তেম্বৰত অসামৰিক সেৱাৰ লিখিত পৰীক্ষাৰ আয়োজন কৰিছিল আৰু ইয়াৰ পাছত যোৱা জানুৱাৰীৰ পৰা এপ্ৰিললৈ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।