কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতা মুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা ৫৫ হাজাৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে চলিত বিত্তীয় বৰ্ষত অসমৰ বাবে প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত আৰু ৩ লাখ ৭৬ হাজাৰ বাসগৃহত আৱণ্টন জনোৱাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি আৰু উপান্ত শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্রতিশ্রুতিবদ্ধ। তেওঁ লগতে মহিলাসকলৰ সৱলীকৰণৰ আৱশ্যকতাৰ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লখিমী মিস্ত্রী আঁচনিৰ লগতে ২১ টা কৃষি জ্ঞান কেন্দ্ৰৰো শুভাৰম্ভ কৰে।
Assamese | May 18, 2025 11:16 AM | Agriculture and Farmers Welfare | sibraj singh chuhan
কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতা মুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছেঃ কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান