ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণৰ লগতে প্ৰতিমূৰ্তি উন্মোচন কৰে

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ লয়। ৯ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ নেতাগৰাকীৰ ত্যাগ আৰু কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই স্থাপন কৰা হৈছে। কেন্দ্রীয় গৃহমন্ত্রী শ্রীশ্বাহে লগতে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰে। গৃহমন্ত্ৰীয়ে জনসভাত দিয়া ভাষণত অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি আহিছে। বডোফা উপেন্দ্রনাথ ব্রহ্ম কেৱল বড়ো জনগোষ্ঠীৰ বাবে পিতৃস্বৰূপ নহয়, বৰং সমগ্র দেশৰ জনগোষ্ঠীয় সমাজৰ বাবে আদর্শ বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিশেষ অতিথি হিচাপে ভাগ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।