ডাউনলোড
মোবাইল এপ

android apple
signal

May 4, 2025 11:03 AM | Amit Shah

printer

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত সমবায় ৰপ্তানি, জৈৱিক সামগ্ৰীৰ উৎপাদন আৰু গুণগত বীজ বিষয়ক উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড- এন চি ই এল, ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড- এন চি অ’ এল আৰু ভাৰতীয় বীজ সমবায় সমিতি লিমিটেডৰ অগ্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰী শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায় ৰপ্তানি, জৈৱিক সামগ্ৰীৰ উৎপাদন আৰু গুণগত বীজৰ প্ৰসাৰৰ মূল সংস্থা হিচাপে ২০২৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সমবায় প্রতিষ্ঠানকেইটা স্থাপন কৰা হৈছিল। তেওঁ কয়, যে সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ আৰু সংস্থাসমূহৰ সহযোগত সমগ্ৰ চৰকাৰ দৃষ্টি ভংগীৰে এই উদ্যমসমূহ পৰিচালনা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে সম্প্ৰতি ভাৰতৰ পৰা ৰপ্তানি নোহোৱা তিনিবিধ নতুন সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপেৰে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড- এন চি ই এলৰ বাবে দুই লাখ কোটি টকাৰ সামগ্ৰী ৰপ্তানিৰ অভিলাসী লক্ষ্য নিৰ্ধাৰণ কৰে। তেওঁ দাইলৰ আমদানীৰ বাবে আফ্ৰিকা আৰু ম্যানমাৰত ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেডৰ কাৰ্যালয় স্থাপন কৰাৰ পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক