কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে কৃষি ক্ষেত্ৰ দেশৰ অৰ্থব্যৱস্থাৰ সৰ্বোচ্চ শক্তি। নতুন দিল্লীত কালি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৰাষ্ট্ৰীয় স্মৃতি আলোচনা চক্ৰৰ ৬০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি শ্রীচৌহানে গ্রাম্য ক্ষেত্ৰত দৰিদ্ৰ হ্ৰাস পোৱা আৰু দেশৰ জনসাধাৰণৰ জীৱনৰ মানৰ সকাৰাত্মক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে লাখপতি দিদি আঁচনি মহিলা সবলীকৰণৰ এক বৃহৎ অভিযান হিচাপে প্ৰমাণিত হৈছে। কৃষি ক্ষেত্ৰখনৰ উন্নয়ন সম্পর্কে মন্ত্ৰীগৰাকীয়ে কয়, যে অলপতে দুবিধ নতুন জাতৰ ধান বিকশিত কৰা হৈছে, যাৰ ফলত উৎপাদন ৩০ শতাংশ বৃদ্ধি পাব, ২০ শতাংশ কম পানীৰ প্ৰয়োজন হ’ব আৰু এই প্ৰজাতি ধান বৃদ্ধি ২০ দিনতে পূৰঠ হ’ব।
শ্রীচৌহানে লগতে কয়, যে সাংস্কৃতিক ঐতিহ্য আৰু আধুনিকতাৰ সমন্বয়ৰ ৰাষ্ট্ৰ হিচাপে ভাৰত আগবাঢ়ি যাব।