ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৃষক সংস্থাসমূহৰ সৈতে ৪ মে’ত হ’বলগীয়া প্ৰস্তাৱিত বৈঠক স্থগিত ৰখাৰ ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে কৃষক সংস্থাসমূহৰ সৈতে অহা ৪ মে’ত হ’বলগীয়া প্ৰস্তাৱিত বৈঠকখন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ অংশগ্রহণ অবিহনে এই বৈঠকখন ফলপ্রসূ নহ’ব বুলি মত পোষণ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব পূর্ণ চন্দ্ৰ কিষাণে কৃষক সংস্থাসমূহলৈ লিখা এখন চিঠিত কয়, যে অৰাজনৈতিক সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই দাবী কৰাৰ দৰে প্ৰস্তাৱিত বৈঠকত পাঞ্জাব চৰকাৰক অন্তৰ্ভুক্ত নকৰাটো সমীচিন নহ’ব। এনে প্ৰেক্ষাপটত চৰকাৰে কৃষক সংগঠন দুটাক তেওঁলোকৰ দাবী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। যুটীয়া সচিবগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে এই সংগঠন দুটাৰ পৰা সহাৰি লাভ কৰাৰ পাছত প্ৰস্তাৱিত বৈঠকখনৰ বাবে পৰৱৰ্তী দিন এটা নিৰ্ধাৰণ কৰা হ’ব।