ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাৰ্বি আংলং জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন কৰিছে। উত্তম বোথাৰি নামৰ এজন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীকৰণে অসম চৰকাৰৰ প্ৰধান মুখ্য বনসংৰক্ষক কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ এগৰাকী প্ৰতিনিধি, নাগালেণ্ড চৰকাৰৰ ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগৰ এগৰাকী প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এজন প্ৰতিনিধিক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনক যাৱতীয় তথ্য গ্ৰহণ আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে মত-বিনিময় কৰি সংৰক্ষিত বনাঞ্চলখনত দখলৰ অভিযোগ সন্দৰ্ভত দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Site Admin | June 2, 2025 9:22 PM | Akashvani Guwahati | Akashvani News | Karbi Anglong
কাৰ্বি আংলঙৰ দলদলী সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন
