ডাউনলোড
মোবাইল এপ

android apple
signal

August 10, 2025 12:30 PM | NABARD

printer

কাজিৰঙা আৰু হুকুমা বিল পুনৰ উজ্জীৱিতৰ বাবে প্ৰাৰম্ভিক কামৰ বুজ ল’বলৈ নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত

কাজিৰঙাৰ দুখনকৈ প্ৰাচীন বিল কাজিৰঙা আৰু হুকুমা পুনৰ উজ্জীৱিত কৰাৰ বাবে বছৰজুৰি হ’বলগীয়া বহনক্ষম উন্নয়ন আৰু পৰ্যটনৰ প্ৰকল্পৰ প্ৰাৰম্ভিক কামৰ বুজ ল’বলৈ কালি নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ৰাজহ এলেকাত অৱস্থিত ক্ৰমাৎ পোত খাই অহা এই ঐতিহাসিক বিল দুখন খান্দি জল সংৰক্ষণ প্ৰাকৃতিক পৰিৱেশ সুস্থিৰ কৰাৰ লগতে স্থানীয় লোকৰ বহনক্ষম উন্নয়নৰ বাবে নাৱাৰ্ডে এই বিল দুখনৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। উল্লেখযোগ্য যে, ২০১৬ চনত বিল দুখনৰ সংৰক্ষণৰ বাবে খননৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও বিভিন্ন কাৰণত সম্ভৱ হৈ উঠা নাছিল। কালি মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষৰ উপস্থিতিত কাজিৰঙা হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ সৈতে মিলিত হয় আৰু প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। বিল দুখন পৰিদৰ্শন কৰি নাৱাৰ্ডৰ মহাপ্ৰৱন্ধকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অতি কম দিনৰ ভিতৰত এই প্রকল্প ৰূপায়ণ কৰি জল সংৰক্ষণৰ লগতে বহনক্ষম উন্নয়ন সম্ভৱ হৈ উঠিব।

অধিক পঢ়ক

সকলো চাওক