ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, গোৱালপাৰা-কামৰূপৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা

কাইলৈ হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰিষদৰ এলেকাধীন অঞ্চলত বন্ধ ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি কাইলৈ অঞ্চলটোৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষা, ব্যৱসায়িক আৰু বিত্তীয় প্রতিষ্ঠান বন্ধ থাকিব ।
গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ ৩৬২ টা ভোটগ্রহণ কেন্দ্ৰত দুই লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটদাতাই ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টিত এক লাখ ৬৮ হাজাৰ ৬৬৮ গৰাকী ভোটদাতাই ভোটদান কৰিব। নির্বাচনী বিষয়াসকল আজি ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।