ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলগীয়া বিশ্ব দৃশ্য-শ্ৰব্য বিনোদন সন্মিলনখন কাইলৈ মুম্বাইৰ জিঅ’ কনভেনছন চেণ্টাৰত আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন মুকলি কৰিব। ৪ দিনীয়া এই সন্মিলনখনত ডিজিটীয়ভাৱে বিভিন্ন বিষয়ৰ ওপৰত কাম কৰি থকা ব্যক্তিসকলৰ বাবে তথা ভাৰতক বিভিন্ন দেশৰ বাবে বিনোদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আৰু ডিজিটীয় উদ্ভাৱনৰ বাবে ষ্টাৰ্ট আপসমূহৰ বাবে উদ্যোগৰ মুৰববী আৰু বিশ্বৰ নীতি নিৰ্মাণকাৰীসকলক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে এই সন্মিলনত প্ৰচেষ্টা চলোৱা হ’ব। সৃষ্টিশীলতাক গতি প্ৰদান কৰা তথা প্ৰযুক্তি আৰু প্ৰতিভাৰ দ্বাৰা উন্নতমানৰ ভৱিষ্যত গঢ় দিবৰ বাবে ৱেৱছৰ এই সন্মিলনে চিনেমা, অটিটি, গেমিং, ডিজিটেল মিডিয়া, কৃত্রিম বুদ্ধিমত্তা, সম্প্ৰচাৰণ আৰু নতুন প্রযুক্তিক একত্ৰিত কৰি ভাৰতৰ সংবাদ মাধ্যম আৰু বিনোদনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ বাবে এই সন্মিলনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্মিলনে ২০২৯ চনলৈকে বিশ্বৰ বিনোদনধৰ্মী অর্থনীতিত ৫০ বিলিয়ন ডলাৰৰ বাণিজ্য প্ৰসাৰৰ লক্ষ্য লৈছে। এই ৱেৱছ সন্মিলনত বিশ্বস্তৰৰ বিভিন্ন আলোচনাচক্র, ক্রেতা বিক্ৰেতাৰ লগালগি, নতুনকৈ আগবাঢ়ি অহা ডিজিটেল ব্যৱস্থাৰ জৰিয়তে কাম কৰি থকা ব্যক্তিসকলক সুবিধা প্ৰদান কৰা আৰু সাধুকথা বিন্যাসৰ জৰিয়তে উপস্থিত ব্যক্তিসকলক অন্তর্ভুক্ত কৰা ইত্যাদি উদ্যোগো গ্রহণ কৰা হৈছে।
Site Admin | April 30, 2025 8:37 PM | WAVES
কাইলৈ মুম্বাইত বিশ্ব দৃশ্য-শ্ৰব্য বিনোদন সন্মিলন
