ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস

সমগ্ৰ দেশতে কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ’ব। দেশত মুঠ ভোটদাতাৰ সংখ্যা প্রায় ১০০ কোটি হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস বিশেষভাৱে পালন কৰা হ’ব । এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত আইন আৰু ন্যায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে মুখ্য নির্বাচন আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্তসকলে অংশগ্ৰহণ কৰিব।
ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ পূৰ্ব-সন্ধিয়া দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নিশা ৮ বজাত আকাশবাণীযোগে বিশেষ বাৰ্তা প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নিশা ৮ বজাৰ আমাৰ মুখ্য বাতৰি প্ৰচাৰ কৰা নহয়৷
সমগ্ৰ দেশতে কাইলৈ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ’ব যদিও চৰকাৰৰ নিৰ্দেশ অনুসৰি আজিও ৰাজ্যৰ কোনো কোনো অংশত এই দিৱস পালন কৰা হয়। গুৱাহাটীৰ জনতা ভৱনৰ প্ৰাঙ্গনত আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীত জনজাতি পৰিক্ৰমা বিভাগৰ প্ৰধান সম্পাদক মুকেশ চন্দ্ৰ চাহুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলা নির্বাচন বিভাগে আয়োজন কৰা এই দিৱসৰ কাৰ্যসূচীত ভোটাধিকাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।