সন্ত্ৰাসবাদক উৎখাত কৰাৰ আহ্বানেৰে ভাৰতৰ সংসদীয় প্রতিনিধি দলৰ বিদেশ ভ্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা উচ্চ পৰ্যায়ৰ আলাপ-আলোচনা অব্যাহত আছে। ভিন ভিন দলৰ সাংসদসকলক লৈ গঠন কৰা এনে ৭টা প্ৰতিনিধি দলে সম্প্ৰতি বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছে। সম্প্ৰতি কলম্বিয়া ভ্ৰমণৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বধীন সর্বদলীয় প্রতিনিধি দলটোৱে আজি দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপমন্ত্ৰী ৰোজা য়’লাণ্ডা ভিল্লাভিছেনছিয়’ক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীৰ লগতে এছীয়-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ঘটনাৱলী সম্পৰ্কীয় বিষয়ৰ দায়িত্বত থকা কলম্বিয়া চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতেও দলটোৱে মত বিনিময় কৰে।
সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সাংসদ থাৰুৰে কয় যে শেহতীয়া ঘটনাৱলী সন্দৰ্ভত পাকিস্তানৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰা কলম্বিয়াৰ বিবৃতিটোক লৈ ভাৰতৰ অসন্তুষ্টিৰ বিষয়ে তেওঁ দেশখনৰ মন্ত্ৰীসকলক জানিবলৈ দিয়ে। ভাৰতৰ স্থিতিৰ বিষয়ে অৱগত হোৱাৰ পাছত কলম্বিয়াৰ চৰকাৰে পূৰ্বে দিয়া বিবৃতিটো প্ৰত্যাহাৰ কৰাৰ লগতে নতুন দিল্লীৰ এই স্থিতি সম্পূৰ্ণৰূপে অনুধাৱন কৰি ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
শ্ৰী থাকৰে লগতে কয় যে ভাৰতে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সৈতে সম্পৰ্কক বিশেষভাৱে মূল্য দি আহিছে। উল্লেখযোগ্য যে ভাৰত হ’ল ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম প্রতিষ্ঠাপক সদস্য। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ বিষয়ে বিশ্বৰ ভিন ভিন দেশৰ নেতৃবৰ্গক অৱগত কৰোৱাৰ উদ্দেশ্যে ভ্ৰমণলৈ যোৱা দলসমূহৰ মাজৰ শিৱসেনাৰ সাংসদ ড০ শ্রীকান্ত একনাথ সিন্দে নেতৃত্বাধীন সর্বদলীয় প্রতিনিধি দলটোৱে তেওঁলোকৰ ছিয়েৰা লিয়ন ভ্ৰমণৰ সামৰণি মাৰিছে। তেওঁলোকে ইতিমধ্যে দেশখনৰ সংসদৰ অধ্যক্ষ, প্ৰতিৰক্ষা দপ্তৰৰ উপমন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা সমন্বয়ক, কার্যবাহী বিদেশমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিকে ধৰি উচ্চস্তৰীয় নেতৃবৰ্গৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূণ্য সহনশীলতাৰ নীতিৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱাৰ লগতে সন্ত্ৰাসবাদৰ পৰা উদ্ভৱ হোৱা ভাবুকী প্রতিহত কৰাৰ বাবে বিশ্ববাসীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমর্থন আগবঢ়াই ছিয়েৰা লিয়নে পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা দেশখনৰ নেতৃবৰ্গই এই ঘটনাত শোক প্ৰকাশ কৰি কিছুসময় মৌনতা অৱলম্বন কৰে। উল্লেখযোগ্য যে সন্ত্ৰাসবাদাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, Financial Action Task Force চমুকৈ FATF কে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সংহতভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি দুয়োখন দেশৰ প্ৰতিনিধিসকলে মত পোষণ কৰে৷
সম্প্ৰতি লাটভিয়া ভ্ৰমণৰত ডি এম কেৰ সাংসদ কে কানিমোঝি নেতৃত্বাধীন প্রতিনিধি দলটোৱে দেশখনত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধি দলটোক আদৰণি জনোৱাৰ উদ্দেশ্যে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা সিন্দূৰ সন্মান অনুষ্ঠানত ভাগ লৈ সংসদীয় প্রতিনিধিসকলে তেওঁলোকৰ সৈতে বিভিন্ন বিষয় লৈ মত বিনিময় কৰে।
Site Admin | May 31, 2025 7:41 PM | Sashi Tharur - Kalambia
কলম্বিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বধীন সর্বদলীয় প্রতিনিধি দল
