ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 10, 2025 9:06 PM | India-Combodia

printer

কম্বোদিয়াৰ চিয়েম ৰিয়েপত তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা

কম্বোদিয়াৰ চিয়েম ৰিয়েপত আজি তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আজিৰ বৈঠকত ৰাজনৈতিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিকাশ, সহযোগ, ঐতিহ্য সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কত আলোচনা কৰা হয়। লগতে পাৰস্পৰিক স্বার্থজড়িত কেইবাটাও আঞ্চলিক আৰু বহুমাত্রিক বিষয়ত দুয়োপক্ষই মত বিনিময় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক কার্যকলাপ সন্দৰ্ভত সন্তোষ প্রকাশ কৰাৰ লগতে স্বাস্থ্য আৰু ডিজিটেল প্ৰযুক্তিৰ দৰে বিষয়সমূহত সহযোগিতাৰ নতুন পৰিসৰ অন্বেষণ কৰাৰ সন্দৰ্ভত সন্মতি প্ৰকাশ কৰে। আজিৰ বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোক সচিব জয়দীপ মজুমদাৰে নেতৃত্ব প্ৰদান কৰে আৰু কম্বোদিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয় তথা আন্তর্জাতিক সহযোগিতাৰ ৰাজ্য সচিব ড০ ইউ এন খ্যাঙে কম্বোদিয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে। উল্লেখযোগ্য যে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ বাবে কম্বোদিয়া অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ ।