কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। জ্ঞানপীঠ বঁটা বিজয়ী, পদ্মভূষণ সন্মানেৰে সন্মানিত . তেলেগু ভাষাৰ বিখ্যাত কবি, সাহিত্যিক ড০ চি নাৰায়ণ ৰেড্ডীৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটা লাভ কৰা নীলিম কুমাৰ প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে জ্ঞানপীঠ বঁটা বিজয়ী ড° চন্দ্ৰশেখৰ কাম্বাৰ, ড° প্ৰতিভা ৰায়, শিৱকুমাৰী আৰু বিখ্যাত কবি গীতিকাৰ জাভেদ আখতাৰে এই বঁটা লাভ কৰিছিল। এই বঁটাত আছে স্মাৰক, এখন অংগবস্ত্ৰ, প্ৰশস্তিপত্ৰ আৰু ৫ লাখ টকা।
Site Admin | April 22, 2025 8:56 PM | Nilim Kumar Award
কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা
