ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই উদ্দেশ্যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তা অৱগত কৰিছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলে দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত কৰিছে। সংবাদ মাধ্যমক শ্ৰী থাৰুৰে কয়, যে গায়ানাই সন্ত্রাসবাদী আক্ৰমণৰ পৰা ভাৰতে নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৰ্তমানৰ সদস্য দেশ হিচাপে গায়ানাই বিভিন্ন আন্তর্জাতিক বিষয়ত মাত মাতি আহিছে আৰু দেশখন ভাৰতৰ বাবে সদায় বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। গায়ানা চৰকাৰৰ পৰা ভাৰতে সম্পূৰ্ণ আৰু নিঃচৰ্ত সমৰ্থন লাভ কৰা বুলিও সাংসদ থাৰুৰে প্ৰকাশ কৰে।প্রতিনিধি দলটোৱে গায়ানাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ মানৱ প্ৰগতিৰ অন্তৰায়, সেয়ে গায়ানাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। প্ৰতিনিধি দলটোৱে দেশখনৰ সংসদৰ অধ্যক্ষ মনজুৰ নাদিক সাক্ষাৎ কৰি অপাৰেচন সিন্দূৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত থকা ভাৰতৰ যুঁজখনৰ বিষয়ে অৱগত কৰায়।জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাঁৰ নেতৃত্বৰ আন এটা প্ৰতিনিধিৰ দলে ছিংগাপুৰত দেশখনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ ৰাজ্য মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত প্রতিনিধি দলটোৱে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ স্থিতি তথা অপাৰেচন সিন্দূৰকে ধৰি অন্যান্য কাৰ্যব্যৱস্থাৰ বিষয়ে অৱগত কৰায়।
Site Admin | May 27, 2025 4:29 PM | Akashvani | Akashvani News | Congress | Shashi Tharoor
কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলৰ দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত
