অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত আজি সুকলমে সম্পন্ন হয়। মুঠ ২৮৮টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত সৰ্বমুঠ ৫৭,২২২ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে ৩২,৫০১গৰাকী পুৰুষ, ২৪,৭২১গৰাকী মহিলা আৰু ৪১৩গৰাকী বিশেষভাৱে সক্ষম আবেদনকাৰী আছে। এই পৰীক্ষা অনুষ্ঠিত ১৬টা সেৱাৰ ভিতৰত অসম প্রশাসনিক সেৱাৰ ৪৫টা, অসম আৰক্ষী সেৱাৰ ২০টা, অসম বিত্তীয় সেৱাৰ ৫৩টা আৰু কৰ পৰিদৰ্শকৰ ৫১টা পদ আছে। অহা ছেপ্তেম্বৰ-অক্টোবৰত হ’বলগীয়া মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হ’ব।
Site Admin | June 8, 2025 7:19 PM | APSC Exam
এ পি এছ চিৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত সুকলমে সম্পন্ন
