এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিবঃ শিৱৰাজ সিং চৌহান

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আঁচনি, এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী কমলেশ পাছোৱানে এই সন্দৰ্ভত কয়, যে বিগত বছৰসমূহত কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগাৰ বাবে পুঁজিৰ আৱণ্টন যথেষ্ট বৃদ্ধি কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালত ২০০৬-০৭ বৰ্ষত এই আঁচনিৰ বাবে ১১ হাজাৰ কোটিৰো অধিক পুঁজিত আৱণ্টন দিয়া হৈছিল বুলি উল্লেখ কৰি শ্ৰী পাছোৱানে কয়, যে ২০২৪-২৫ বৰ্ষত এই পুঁজি ৮৬ হাজাৰ কোটিলৈ বৃদ্ধি কৰা হয়। তেওঁ লগতে পশ্চিমবংগত এই আঁচনিৰ ৰূপায়ণত অনিয়ম হোৱা বুলিও অভিযোগ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।