এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে। এই নীতি অনুসৰি ধনৰ প্ৰত্যেকবাৰ লেনদেনৰ পূৰ্বে গ্ৰাহকে প্রেৰকৰ নাম জানিব পাৰিব। প্ৰতিটো ইউ পি আই এপে দিনটোত গ্ৰাহকক নিজৰ বেংকত জমাধনৰ সবিশেষ ৫০ বাৰকৈ জনোৱাৰ অনুমতি দিছে। অৱশ্যে ব্যস্ততাপূর্ণ সময়ত ইউ পি আয়ে গ্ৰাহকৰ এই অনুৰোধ সীমিত বা বন্ধ কৰিবও পাৰে। ধনৰ লেনদেনৰ স্বয়ংক্রিয় প্রক্রিয়াও এন পি চি আয়ে ব্যস্ততা নথকা সময়তহে প্ৰক্ৰিয়াকৰণ কৰিব। গ্রাহকসকলে এতিয়াৰে পৰা মোবাইল নম্বৰৰ সৈতে সংযোগ থকা বেংকৰ তালিকাও চাব পাৰিব। গ্রাহকসকলে নিজৰ লেনদেনৰ বিষয়ে জানিবলৈ ৯০ ছেকেণ্ডৰ ব্যৱধানত তিনিবাৰকৈ চাব পাৰিব।
Assamese | August 1, 2025 9:05 PM | Akashvani News | Banking | NCPI | UPI | UPI Payment
এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে