এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হৈছে যদিও এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতি পর্যালোচনা কৰি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে অসমত বৃহৎ সংখ্যক দেশী-বিদেশী
উল্লেখযোগ্য যে কালি মন্ত্ৰী সভাৰ বৈঠকে এই সন্মিলনত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনাইছিল। এই সন্মিলনৰ সময়চোৱাতে জিলা পৰ্যায়ত ৫ লাখ টকাৰ পৰা ৫০ কোটি টকালৈ বিনিয়োগৰ বাবে জিলা আয়ুক্তসকলে ২,৫৯০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। জিলা পৰ্যায়ত হোৱা এই চুক্তিৰ পৰা ১৫ হাজাৰ ৫৯০ কোটি টকা বিনিয়োগ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে। অৱশ্যে,কামৰূপ মহানগৰ জিলাৰ বাবে বুজাবুজিৰ চুক্তি সমূহ এডভাণ্টেজ আছাম সন্মিলনত স্বাক্ষৰ কৰা হ’ব। বস্ত্ৰ শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হ’ব। বিভিন্ন মন্ত্ৰালয়ে এই সন্মিলনত আন্তঃগাঁথনি বিনিয়োগৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰিছে। ধন বিনিয়োগ সম্পৰ্কীয় বুজাবুজি চুক্তিৰ উপৰি বিত্তীয় উপাদান জড়িত নথকা কেতবোৰ চুক্তি যেনে-প্ৰযুক্তিৰ বণ্টন, শৈক্ষিক সহযোগিতাক ধৰি কেইবাটাও বিষয়ত চুক্তি স্বাক্ষৰ হ’ব বুলি তেওঁ কয়। ইয়াৰ ফলত বিনিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰিলায়েন্স আৰু আদানী গ্রুপে সন্মিলনত কোনো ধৰণৰ চুক্তি নকৰে যদিও বিনিয়োগ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব বুলি ড০ শৰ্মাই কয়। একেদৰে, জাপান আৰু ছিংগাপুৰে বিনিয়োগ সন্দৰ্ভত চুক্তি নকৰে যদিও দেশ দুখনত অসমৰ যুৱক-যুৱতীৰ দক্ষতা বিকাশ আৰু কৰ্ম সংস্থাপনৰ সুযোগ দিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।