ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন সন্দৰ্ভত আজি সংসদৰ যুটীয়া সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ ১২ গৰাকী সদস্য আৰু লোকসভাৰ ২৭ গৰাকী সদস্যৰে ৩৯ জনীয়া এই সমিতিখন গঠন কৰা হৈছে। এই বৈঠকৰ প্ৰথম সত্ৰত আইন আয়োগৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° বি এছ চৌহান তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হেমন্ত গুপ্তাৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব। যুটীয়া আয়োগৰ অধ্যক্ষ পি পি চৌধুৰীয়ে নতুন দিল্লীত সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ জৰিয়তে দেশৰ অৰ্থনীতি উপকৃত হ’ব। সঘনাই নির্বাচন অনুষ্ঠিত কৰাৰ জৰিয়তে শিক্ষাৰ ব্যৱস্থা তথা শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ ওপৰত প্ৰতিকুল প্ৰভাৱ পৰিলক্ষিত হয় বুলি উল্লেখ কৰি তেওঁ কয়, যে এই ব্যৱস্থাত বহু ৰচদপাতি যোগান, নির্বাচন আয়োগৰ বিভিন্ন বিষয়া নিয়োগ তথা অৰ্ধ সামৰিক বাহিনী মোতায়নৰ প্ৰয়োজন হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।