ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি শক্তিশালী কৰি তোলাৰ লগতে জৰুৰীকালিন সঁহাৰি ব্যৱস্থা অধিক সক্রিয় কৰি তোলাৰ কৌশল বিকাশৰ লক্ষ্যৰে আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে। এই সন্মিলনত কৰা আলোচনাই অধিক সুৰক্ষিত আৰু নিৰাপদ অসম গঢ়াৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ড° শৰ্মাই প্রতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। এই সন্মিলনত মুখ্যমন্ত্ৰী ড° শৰ্মাই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ পৰা বিগত সময়ছোৱাৰ কাম-কাজ আৰু আইন-শৃংখলা পৰিস্থিতি সম্পৰ্কীয় সবিশেষ তথ্য গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী আজি গোলাঘাট জিলাৰ খুমটাইৰ বৰুৱাবামুনগাওঁৰ পৰিত্যক্ত অসম সমবায় চেনিকলৰ স্থান পৰিদৰ্শন কৰে। ড০ শৰ্মাই এই পৰিত্যক্ত ভূমিৰ চাৰিওকাষে পকী বেৰ নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰে। তেওঁ লগতে এতিয়াও চেনিকলৰ আৱাসসমূহত বসবাস কৰি থকা কমেও ২০ টা পৰিয়ালক পুনৰ সংস্থাপন দিয়া হ’ব বুলি আশ্বাস দিয়ে। এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই উদ্যোগ স্থাপনত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ কয়। এই স্থানত উদ্যোগীকৰণৰ জৰিয়তে অঞ্চলটো অৰ্থনৈতিক দিশৰ উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯৫৫ চনত সমবায় হিচাপে মুকলি কৰা বৰুৱাবামুনগাওঁৰ চেনীকলটো দীঘলীয়া সময় ধৰি কাৰ্যক্ষম হৈ আছিল। ১৯৯৬ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা চেনীকলটো ৫৫০ বিঘা ভূমি পৰিত্যক্ত হৈ আছে।
এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে সহযোগিতাপূর্ণ, জনসাধাৰণকেন্দ্ৰীক আৰক্ষী বাহিনীৰ বিশেষ ভূমিকা আছেঃ মুখ্যমন্ত্ৰী
