উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্র্যময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এই বিচিত্ৰতাই ভাৰতৰ প্ৰধান শক্তিপ্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে সন্ত্রাসবাদী আৰু মাওবাদীৰ ক্ষেত্ৰত চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে। এই সন্মিলনতে শ্রী মোদীয়ে লগতে কয়, যে ইষ্ট অর্থাৎ পূব মানে এমপাৱাৰ বা সৱলীকৰণ, শক্তি আৰু পৰিৱৰ্তন। তেওঁ এই কথাও আঙুলিয়াই দিয়ে যে, উত্তৰ-পূৰ্বাঞ্চলক এসময়ত ফ্ৰণ্টিয়াৰ ৰিজন বুলিও কোৱা হৈছিল । তেওঁ উত্তৰ-পূৰ্বাঞ্চলক পৰ্যটনৰ ৰম্যভূমি বুলি উল্লেখ কৰি কয়, যে এই অঞ্চল গোলকীয় সন্মিলন, সংগীত সন্মিলন আৰু আকৰ্ষণীয় বিবাহৰ স্থান হিচাপে পৰিগণিত হোৱাৰ থল আছে। এই সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে কাম কৰি আহিছে। তেওঁ কয়, যে এই অঞ্চলটোত বৰ্তমান ১৭ টা বিমান বন্দৰ আছে। যত দুহেজাৰতকৈও অধিক বিমানৰ দৈনিক আহযাহ হয়। তেওঁ উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ-পূব এছিয়াৰ আন্তৰ্জাতিক কৰিড’ৰ হৈ পৰিব বুলিও আশা প্ৰকাশ কৰে। দুদিনীয়া এই সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰি বিশ্ব আৰু ঘৰুৱা বিনিয়োগৰাকীসকলক আকৰ্ষণ কৰা। এই দুদিনীয়া সন্মিলনত মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টার্টআপ তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি খাদ্য প্ৰসংস্কৰণ আৰু আনুষংগিক খণ্ড, বস্ত্রশিল্প, হস্তশিল্প, স্বাস্থ্য সেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্ৰযুক্তি, আন্তঃগাঁথনি, পৰিবহন, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিনিয়োগৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ’ব।
Site Admin | May 23, 2025 3:18 PM | narendra modi | PMO Modi | Rising North East
উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়ঃ প্ৰধানমন্ত্ৰী
