ডাউনলোড
মোবাইল এপ

android apple
signal

May 31, 2025 8:38 PM | NE Flood

printer

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্য্যস্ত

উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰকে ধৰি প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্য্যস্ত হৈছে। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৰুণাচলৰ পূৱ কামেং জিলাত বান আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে। জিলাখনৰ ১৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বানা আৰু চেপ্পাত যোৱা নিশা চেপ্পা অভিমুখী এখন বাহন ভূমিস্খলন আৰু বানে উটুৱাই নিয়াৰ ফলত বাহনখনত থকা ৭ জন লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান ততালিকে আৰম্ভ কৰা হয় যদিও প্ৰতিকূল বতৰৰ বাবে আৰু নিশাৰ ভাগত দৃশ্যমানতা কমি যোৱাত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হয়। আজি পুৱাৰ ভাগত স্থানীয় লোকসকলৰ সহযোগত উদ্ধাৰকাৰী দলসমূহে পুনৰ অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ তলত ধ্বংসপ্রাপ্ত বাহনখনৰ লগতে ৭ জন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰে। আন এটা ঘটনাত নামনি সোৱনশিৰি জিলাত বানৰ ফলত দুজন শ্রমিকৰ মৃত্যু হয়। মিজোৰামতো ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়- ক্ষতি হোৱাৰ লগতে ভূমিস্খলনত এজন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে বহু লোক বানত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে। একেদৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলসহ বহু অঞ্চল ভয়াবহ বানৰ কবলত পৰিছে। প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ পালাও ৰোডৰ পেলেচ পৰিসৰত থকা আকাশবাণী ইম্ফলৰ অনুষ্ঠান শাখাৰ প্ৰচাৰ বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ৰেক হোৱাৰ পৰিপ্ৰেক্ষিতত ইম্ফলৰ পৰা ৫৬ কিলোমিটাৰ নিলগত উচ্চ ক্ষমতা সম্পন্ন ট্রান্সমিটাৰ থকা মায়াঙৰ পৰা অনুষ্ঠান প্ৰচাৰৰ দিহা কৰা হৈছে আৰু শীঘ্ৰেই প্ৰচাৰ আৰম্ভ হ’ব। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মণিপুৰৰ বান পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক