ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলঃ নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

● উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱা তিনিটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত নকৰাৰ কথা বিবেচনা কৰিবলৈ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু শিক্ষা বিভাগক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে এই পৰামৰ্শ আগবঢ়ায়। তেওঁ কয়, যে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চূড়ান্ত পৰীক্ষা আৰু অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময় আহি পৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পাছত একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিলে পৰীক্ষাৰ্থীসকলৰ উদ্বেগ বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ বহুমূলীয়া সময়ো নষ্ট হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীক দুধনৈত এগৰাকী ছাত্ৰীয়ে সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰিছিল। এই বিষয়টোত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে মে’ মাহত একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিলে দ্বাদশ শ্ৰেণীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ সময় হ্ৰাস পাব আৰু তেওঁলোকৰ ক্ষতি হ’ব। সেয়েহে তেওঁ শিক্ষা বিভাগক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।