ডাউনলোড
মোবাইল এপ

android apple
signal

June 20, 2025 11:27 AM | Israel-Iran War

printer

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অধিক তীব্ৰতৰ

ইজৰাইল আৰু ইৰাণৰ মাজত বিগত ৭ দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণ দক্ষিণ ইজৰাইলৰ এখন চিকিৎ‍সালয়ত ক্ষেপনাস্ত্ৰৰে আঘাট সানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্রতিষ্ঠানসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আছে। শেহতীয়া ইতিহাসত দুয়োখন দেশৰ মাজৰ পোনপটীয়া সামৰিক সংঘৰ্ষৰ ভিতৰত এইবাৰৰ সংঘৰ্ষ অধিক ভয়াৱহ ৰূপে পৰিগণিত হৈছে।
ইজৰাইলৰ সেনাই কালি তেহৰাণ আৰু কৰাজৰ চৰকাৰী প্ৰতিষ্ঠান তথা ফ্যায়াম বিমান বন্দৰক লক্ষ্য কৰি ক্ষেপনাস্ত্র নিক্ষেপ কৰে। ইৰাণে দক্ষিণ ইজৰাইলৰ বীৰছেৱাৰ ছৰোকা চিকিৎসালয়ৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্রমণ চলোৱা হয়। এই চিকিৎ‍সালয়খন ইজৰাইলী সৈনিকৰ চিকিৎসাৰ মূল কেন্দ্ৰ। আক্ৰমণত চিকিৎসালয়খনৰ ব্যাপক ক্ষতিসাধন হয় যদিও ইৰাণৰ আক্ৰমণৰ আশংকা কৰি চিকিৎসালয়খনৰ বেছিভাগ অংশ পূর্বতেই খালী কৰোৱাৰ বাবে জন-ধনৰ ক্ষতি সীমিত হয়।
ইপিনে, ইৰাণৰ সৰ্বোচ্চ নেতা আয়তুল্লা আলি খামেনইয়ে আমেৰিকাক যুদ্ধত ভাগ ল’লে গম্ভীৰ পৰিণতি ভুগিব লাগিব বুলি সকীয়াই দিছে। ইউৰোপীয় দেশসমূহে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাত গুৰুত্ব আৰোপ কৰি দুয়োখন দেশকে উত্তেজনা হ্ৰাস কৰাৰ বাবে কূটনৈতিক পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত নতুনকৈ আলোচনা আৰম্ভ কৰাৰ দাবী বৃদ্ধি পাইছে। ইফালে ইউৰোপীয় সংঘই ইজৰাইল আৰু ইৰাণত থকা তেওঁলোকৰ জনসাধাৰণক নিৰাপদে আঁতৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।

অধিক পঢ়ক

সকলো চাওক