ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় হিলাল সমিতিৰ তথ্য অনুসৰি আজি প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ৩০ মিনিট, ইফতাৰৰ সময় আবেলি ৫ বাজি ২৫ মিনিট, মৰিগাঁও আৰু জাগীৰোডৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৭ মিনিট, ইফতাবৰ সময় আবেলি ৫ বাজি ২২ মিনিট, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৬ মিনিট আৰু ইফতাৰৰ সময় আবেলি ৫ বাজি ২১ মিনিট ধাৰ্য কৰা হয়। এই বেলি ধাৰ্য কৰা ফিতৰাৰ পৰিমাণ হ’ল এহেজাৰ ৬৩৩ গ্রাম ঘেঁহু বা তাৰ মূল্য। গোৱালপাৰা জিলাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। ফল-মূল, ছেৱৈ, খেজুৰ, মিঠাই আদি সুস্বাদু খাদ্যৰে জিলাখনৰ হাট-বজাবসমূহ ভৰি পৰিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৱিত্ৰ ৰমজান মাহ উপলক্ষে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কালি সন্ধিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে তাবাবিহ নামাজ কৰে। উল্লেখযোগ্য যে ৰমজান হ’ল আত্মশুদ্ধিৰ মাহ আৰু ইয়াৰ জৰিয়তে বিশ্ব শান্তি কামনা কৰা হয়। ৰমজান মাহ শেষ হোৱাৰ পাছতে পৱিত্ৰ ঈদ- উল-ফিত উদযাপন কৰা হ’ব।
Site Admin | March 2, 2025 12:19 PM | Ramadan Mubarak
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ
