ডাউনলোড
মোবাইল এপ

android apple
signal

August 27, 2025 12:13 PM | US Open

printer

ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা ছিয়াটেকৰ জয়লাভ

বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা ছিয়াটেকে এমিলিয়ানা আৰাংগোক ৬-১, ৬-২ ফলাফলত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। নিউয়র্কত কালি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলখনত ইগা ছিয়াটেকে প্রতিপক্ষ খেলুৱৈগৰাকীক এঘণ্টাৰ যুঁজতে পৰাস্ত কৰে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে ক্ৰমাগতভাৱে ৭ খন প্রতিযোগিতাত প্ৰথম ৰাউণ্ডৰ খেলত বিজয় অৰ্জনৰ কৃতিত্ব লাভ কৰে। পৰৱৰ্তী ৰাউণ্ডত খেলুৱৈগৰাকী কাইলৈ নেডাৰলেণ্ডছৰ ছুজান লামেন্সৰ মুখামুখি হ’ব। উল্লেখযোগ্য যে ইগা ছিয়াটেকে যোৱা মাহত প্ৰথমটো উইম্বলডন খিতাপ দখল কৰিছিল। খেলুৱৈগৰাকীয়ে দুসপ্তাহৰ পূৰ্বে চিনচিনাটি ট্ৰফীও জয় কৰে। ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ খিতাপ দখল কৰিব পাৰিলে ছিয়াটেক ছেৰেনা উইলিয়ামছৰ পাছতে একেটা কেলেণ্ডাৰ বৰ্ষতে উইম্বলডন আৰু ইউ এছ অপেনৰ খিতাপ দখল কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ব। ছেৰেনা উইলিয়ামছে ২০১২ চনত এই কৃতিত্ব অর্জন কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।