ডাউনলোড
মোবাইল এপ

android apple
signal

March 14, 2025 7:05 PM | Russia-India PM

printer

ইউক্রেইনৰ সংঘৰ্ষৰ সমাধানত গুৰুত্ব দিয়াৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইনৰ সংঘৰ্ষৰ সমাধানৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নেতাৰ শলাগ লৈছে। বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকোৰ সৈতে কালি এখন যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি শ্ৰী পুটিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিসহ বিশ্ব নেতাসকলৰ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে।
প্রধানমন্ত্রী মোদীয়ে যোৱা মাহত হোৱাইট হাইছত ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে হোৱা এখন বৈঠকত ৰাছিয়া আৰু ইউক্রেইনৰ সংঘৰ্ষৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি নিৰপেক্ষ নহয়, বৰং ভাৰত শান্তিৰ পক্ষতহে আছে বুলি মন্তব্য কৰিছিল। ৰাষ্ট্ৰপতি পুটিনক বৰ্তমানৰ সময় যুদ্ধৰ সময় নহয় বুলি স্পষ্ট কৰি দিয়া বুলিও তেওঁ বৈঠকত প্ৰকাশ কৰিছিল। তেওঁ লগতে ৰাষ্ট্ৰপতি ট্রাম্পে এই ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই ৩০ দিনীয়া যুদ্ধ বিৰতিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু বিনা স্বর্তে এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ৰাছিয়াৰ প্রতি আহ্বান জনায়। ইউক্রেইনে এই সপ্তাহৰ আগভাগত ছাউদি আবৰত হোৱা আলোচনাতক যুদ্ধ বিৰতিৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াছিল । ৰাষ্ট্ৰপতি পুটিনেও যুদ্ধ বিৰতিৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াই কেতবোৰ বিষয়ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ আৱশ্যকতা আছে বুলি মন্তব্য কৰিছিল। ইপিনে ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পে পুটিনৰ মন্তব্য আশা ব্যঞ্জক বুলি অভিহিত কৰিছে আৰু বিষয়টোক লৈ অধিক আলোচনাৰ প্ৰয়োজন আছে বুলি পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক