ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব

● ভাৰতৰ শীৰ্ষস্থানৰ খেলুৱৈ জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে আজিৰ পৰা চীনৰ ছাংহাইত হ’বলগীয়া চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব। ভাৰতৰ ১৬ জনীয়া দলটোত ৮ গৰাকীকৈ পুৰুষ আৰু মহিলা খেলুৱৈ আছে। খেলুৱৈসকলে অহা ১১ মে’লৈ চলিবলগীয়া প্ৰতিযোগিতাখনৰ কম্পাউণ্ড আৰু ৰিকাৰ্ভ শিতানৰ খেলসমূহত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

প্রতিযোগিতাত কম্পাউণ্ড শিতানৰ সাম্প্ৰতিক বিশ্ব চেম্পিয়নদ্বয় ওজাছ দেওতালে আৰু আদিতি স্বামীয়েও ভাৰতৰ হৈ শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ প্ৰয়াস কৰিব।
আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতা চাৰিটা পৰ্যায়ত ভিন ভিন দেশত অনুষ্ঠিত হয়। প্রতিটো পৰ্যায়ৰ ভিন ভিন শাখাৰ শীৰ্ষ ৮ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাৰ পৰৱৰ্তী দুটা পৰ্যায় জুন আৰু জুলাইত ক্ৰমে তুৰস্ক আৰু স্পেইনত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ ফাইনেল অক্টোবৰত চীনৰ নানজিঙত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।