আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাবে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আংগোলাৰ ৰাষ্ট্ৰপতি জ’আয়’ লৰেংকোক সাক্ষাৎ কৰে আৰু তেওঁৰ সন্মানাৰ্থে নৈশ ভোজমেলৰ আয়োজন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে আংগোলাসহ আফ্রিকীয় দেশসমূহৰ সৈতে ভাৰতৰ বিশেষ বন্ধুত্ব আছে। তেওঁ লগতে আফ্ৰিকাত শান্তি, আৰু সুস্থিৰতাৰ প্ৰসাৰৰ ক্ষেত্ৰত আংগোলাই পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়। শ্রীমতী মুৰ্মুৱে কয়, যে সন্ত্রাসবাদ সমগ্ৰ মানৱজাতিৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান আৰু ইয়াক দ্ব্যর্থহীনভাৱে গৰিহনা দিয়া উচিত। পেহেলগাম
সুৰক্ষা সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৈ জ্ঞাপন কৰা সমবেদনাৰ বাবে শ্ৰী লৰেংকোক তেওঁ ধন্যবাদ জনায়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাষ্ট্ৰই অকল ৰাষ্ট্ৰদুখনৰেই নহয় বৰং গ্লোবেল ছাউথ হিচাপে জনাজাত ঔদ্যোগীক আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ প্ৰগতি আৰু কল্যাণৰ বাবে কাম কৰা উচিত বুলি মত পোষণ কৰে।
Site Admin | May 4, 2025 11:13 AM | President Droupadi Murmu visit African country
আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ সৈতে পাৰস্পৰিকভাবে লাভদায়ক আৰু স্থায়ী সহযোগিতাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ
