● আজি বিশ্ব ঘনচিৰিকা দিৱস। পৰিৱেশৰ ভাৰসাম্য অক্ষুণ্ণ ৰখাত সহায় কৰা অথচ ক্ৰমাৎ হ্ৰাস পাই অহা এই চৰাইবিধ সংৰক্ষণৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ বিষয়বস্তু হ’ল লাভ স্পেৰ’ বা ‘ঘনচিৰিকাক মৰম কৰক’। এই দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত চলি থকা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পক্ষী বিক্ষণ প্ৰকল্পৰ অধীনত আৰু লখিমপুৰৰ গ্ৰাম্যানুভূতি নামৰ সংস্থাৰ উদ্যোগত আজি পুৱাৰ ভাগত বিশ্ব ঘনচিৰিকা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মাণ্ডলিক গৱেষণা কেন্দ্র মুখ্য বিজ্ঞানী প্রবাল শইকীয়াৰ উপস্থিতিত চৰাই সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত মুকলি আলাপৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে চৰাইৰ বাবে কৃত্রিম বাহ বিতৰণ আৰু সংস্থাপন, মৌ মাখি আৰু চৰাইক আকৰ্ষণ কৰা ফলমুলৰ গছ ৰোপণ, প্ৰকৃতি বিষয়ক গীত-নৃত্য আৰু কবিতাৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
Site Admin | March 20, 2025 11:22 AM | Akashvani Guwahati | House Sparrow | World House Sparrow Day
আজি বিশ্ব ঘনচিৰিকা দিৱস
