● আজি আলাবৈ ৰণ স্মৃতি দিৱস। ১৬৬৯ চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈৰ ৰণত অসমৰ ১০ হাজাৰ সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণ স্মৃতি দিৱস পালন কৰি অহা হৈছে। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত, কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামৰ সহযোগত আজি এই দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। আলাবৈ ৰণস্মৃতি ক্ষেত্ৰ আৰু কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত হ’বলগীয়া এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি মন্ত্রী যোগেন মহন সন্মানীয় অতিথি, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত ড০ পার্থসাৰথি মহন্ত আৰু বিশিষ্ট বুৰঞ্জীবিদ অধ্যাপক যোগেন্দ্ৰ নাথ ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।
Assamese | August 5, 2025 11:42 AM | Akashvani Guwahati | Akashvani News | Assam History | আলাবৈ ৰণ
আজি আলাবৈ ৰণ স্মৃতি দিৱস